মৰাণঃ মৰাণ  থানাত ৮ অক্টোবৰৰ নিশা ১০ জন যুৱকক প্ৰহাৰ কৰা অপৰাধত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু মৰাণ থানাৰ এছ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছত আজি চাকৰি পৰা নিলম্বিত কৰা বুলি খবৰ লাভ কৰা হৈছে। 

অৱশ্য বৰ্তমানলৈ আনুষ্ঠানিকভাৱে কোনোধৰণৰ নিৰ্দেশনা লাভ কৰা নাই যদিও বিশেষ সূত্ৰই আমাক জানিব দিয়ে দুয়োগৰাকী বিষয়াক নিলম্বন কৰাৰ বিষয়ে অৱগত কৰে। 

৮ অক্টোবৰত মৰাণ আৰক্ষী থানাৰ ভিতৰত হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি মাৰিছিল ১০ জনকৈ যুৱকক মৰাণ আৰক্ষী থানাৰ অ’ চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই। দুজন যুৱক চিকিৎসাধীন হ’ব লগা হৈছিল। 

উল্লেখযোগ্য যে, ডিমৌৰ ১০ জন যুৱকে অৰুণাচলৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰি মৰাণৰ পেচিফিকা ইন ধাবাত ভাত খায় থকা অৱস্থাত মৰাণ থানাৰ অ’চি বিজয় দৈমাৰীৰ পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল ১০ জন যুৱকৰ বিৰুদ্ধে। 

তাৰ পৰৱৰ্তী সময়ত নিশা মৰাণ থানাৰ ভিতৰত দহজনকৈ যুৱকক সম্পূৰ্ণ উলংগ কৰি হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰিছিল মৰাণ আৰক্ষী থানাৰ অ’ চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply