মঙলদৈঃ CID ৰ হাতত গ্ৰেপ্তাৰ হ’ল ধূলা থানাৰ পূৰ্বৰ OC উৎপল বৰা। এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি কৰিছিল উৎপল বৰাই ।
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত গঠন কৰা হৈছিল তদন্ত কমিটি ।
উক্ত ঘটনা সন্দৰ্ভত পূর্বে নিলম্বিত হৈছিল দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় সহ ৩আৰক্ষী। পিছে পূৰ্বেই নিলম্বিত OC উৎপল বৰা জামিন লৈ আছিল।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাটাও অপকর্ম সংঘটিত কৰিছিল উৎপল বৰাই ৷ ভুৱা তথ্যৰে এজন শিক্ষক আৰু তেওঁৰ চিকিৎসক পুত্ৰৰ পৰা ধন সৰকোৱাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হৈছিল উৎপল বৰা ৷ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰাৰ পূর্বে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কর্মৰত হৈ থকা অৱস্থাতে এই অপকর্ম সংঘটিত কৰিছিল উৎপল বৰাই ৷ প্ৰাপ্ত তথ্য অনুসৰি ধুলা আৰক্ষী থানাত ৰুজু হোৱা ১২৬/২০২২ নম্বৰৰ এটা গোচৰ তদন্ত কৰিবলৈ বৰাই দায়িত্ব অর্পণ কৰিছিল কুলদ্বীপ গোহাঁই নামৰ এজন এছ আইক ৷ কিন্তু গোচৰটোতৰ তদন্তৰ সময়ত সেই সময়ৰ থানাখনৰ অ’চি বৰাই তদন্তকাৰী বিষয়াজনক কেতবোৰ অবৈধ কাম কৰিবলৈ বাধ্য কৰাইছিল ৷ গোচৰটোত চুৰি হোৱা সম্পত্তিৰ ভুৱাকৈ বিভিন্ন সামগ্ৰীৰ জব্দ তালিকা প্ৰস্তুত কৰাৰ লগতে অভিযুক্তৰ পৰা গোচৰটো নিষ্পত্তিৰ বাবে ধন দাবী কৰিবলৈ বৰাই তদন্তকাৰী বিষয়াজনক নির্দেশ দিছিল ৷