A robber or a killer person with a sharp knife in the street before the dark. Crime robbery concept.

খৈৰাবাৰী- ওডালগুৰিৰ খৈৰাবাৰীত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীক নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকে।

ঘটনা অনুসৰি, খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল কামৰূপ জিলাৰ পলাশবাৰী নিবাসী ৰমা ভদ্ৰৰ পুত্ৰ অমিত ভদ্ৰই। এবাৰ নহয়, দুবাৰ নহয় কেইবাবাৰো অংকিতাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল অমিতে।

পিছে অংকিতাই বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল অমিতৰ প্ৰস্তাৱ। অংকিতাৰ প্ৰেম প্ৰত্যাখ্যানত হতাশ হ’বলৈ ধৰিছিল অমিত। প্ৰেম প্ৰত্যাখ্যানত হতাশ অমিতে অংকিতাক লগ ধৰাৰ চেষ্টা চলাই আছিল।

বৃহস্পতিবাৰে অমিতে বুদ্ধিৰে ফোন কৰি অংকিতাক ঘৰৰ পিছফালে মাতি নিয়ে। অমিতে অংকিতাক শেষবাৰৰ বাবে লগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল।

অৱশেষত অমিতৰ সেই ফোনকলটোৱেই কাল হ’ল অংকিতাৰ বাবে।

অমিতক লগ কৰিবলৈ অংকিতা যোৱাৰ লগে লগে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে অংকিতাক। ইপিনে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা বাইকেৰে পলায়ন কৰে অমিত।

এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত অংকিতাৰ পৰিয়ালে গোচৰ ৰুজু কৰে। অংকিতাৰ পৰিয়ালৰ গোচৰত ঘটনাৰ তদন্ত চলাই খৈৰাবাৰী আৰক্ষীৰ তৎপৰতাত পলাশবাৰী আৰক্ষীয়ে আজি ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় অমিত ভদ্ৰক।

হত্যাকাৰী অমিতক ফাঁচিৰ দাবী উত্থাপন কৰি আজি খৈৰাবাৰীত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply