গুৱাহাটী : বৃহস্পতিবাৰৰ পৰা ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব যুগ্ম-অযুগ্ম নীতি। পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈ ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নীতি। শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ কামৰূপ মহানগৰ জিলাত ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। জিলাখনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

বৃহস্পতিবাৰৰ পৰা বলবৎ হোৱাকৈ নতুন ক’ভিড বিধিৰ অধীনত জিলা প্ৰশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি প্ৰযোজ্য কৰিছে। ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্রতো এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। যুগ্ম-অযুগ্ম সংখ্যাৰে শেষ হোৱা নম্বৰৰ গাড়ী চলিব অযুগ্ম তাৰিখতহে।নম্বৰ প্লেটৰ শেষৰ সংখ্যা ১, ৩, ৫, ৭, ৯ হ’লে সেই গাড়ী চলিব ১৩, ১৫, ১৭ তাৰিখেহে।

আৰু পঢ়কঃ কৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হয় অসমৰ আদিত্য শইকীয়াৰ

যুগ্ম সংখ্যাৰে শেষ হোৱা নম্বৰৰ গাড়ী চলিব যুগ্ম তাৰিখত। অৰ্থাৎ ২, ৪, ৬, ৮ নম্বৰৰ গাড়ী চলিব ১৪, ১৬, ১৮ মে’তহে। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহনক এই নিৰ্দেশনাৰ পৰা ৰেহাই প্ৰদান হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply