অইল ইন্ডিয়া লিমিটেডে শেহতীয়াকৈ প্ৰকাশ কৰা ১২০ টা কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপনত ৰাজ্যৰ মাত্ৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ আৰু অৰুণাচলৰ চাংলাং জিলাৰ নিবনুৱাহে আবেদনৰ সুযোগ দিয়া বিষয়টোক লৈ আলফা স্বাধীনে ইয়াৰ প্ৰতিবাদ কৰি এক বিবৃতি প্ৰকাশ কৰিছে ।
মুক্তি বাহিনী অসমে অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা মুকলি কৰা চাকৰিৰ পদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি এখন পত্ৰ জাৰি কৰিছে।
ইয়াৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ খালী পদ সমূহৰ পূৰণৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ যুৱক-যুৱতীসকলৰ পৰা আবেদনৰ আহ্বান জনাইছিল ।
আলফায়ে অইল ইণ্ডিয়া লিমিটেডৰ এনে সিদ্ধান্ত তথা পদক্ষেপক গৰিহণা দি কয় যে যদি অইলে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক নিযুক্তি দিব বিচাৰে তেন্তে ই সমগ্ৰ অসমতে নিয়োগ প্ৰক্ৰিয়া মুকলি কৰিব লাগিব। দুখন বা তিনিখন জিলাৰ মাজত আৱদ্ধ ৰাখিলে নহয় ।

আলফাই তেওঁলোকৰ পত্ৰত কয়, “ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ জৰিয়তে অসমত প্ৰতিষ্ঠা কৰা যিকোনো সংগঠন বা উদ্যোগৰ চাকৰিৰ ওপৰত অসমৰ বাসিন্দাসকলৰ অধিকাৰ আছে । অসমৰ মাত্ৰ চাৰিখন জিলাৰ মাজত এই খালী পদসমূহ সীমিত নকৰিব,বৰঞ্চ ইয়াক অসমৰ সকলো যোগ্য প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিব লাগে ।”
অইলৰ এই বিজ্ঞাপনটোৰ দ্বাৰা সৃষ্টি কৰা বিভেদক লৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে বাবে মুকলি কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক খহনীয়াৰ কবলত এখন সত্তৰ বছৰীয়া কচুৱাৰ পুৰণি জামে মছজিদ