নিউজ ডেস্ক : দুলীয়াজান স্থিত অইল ইণ্ডিয়া লিমিটিড (OIL)-ত জুনিয়ৰ এছিচটেণ্টৰ ১২০ টা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।
অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ অৰ্হতাসমপন্ন প্ৰাৰ্থীসকলে ইয়াৰ বাবে আৱেদন কৰিব পাৰে।
মুঠ ১২০ পদৰ ৮ টা এছ চি, ১৪ এছ টি, ৩২ টা অ’ বি চি (নন ক্ৰিমী লেয়াৰ), ১২ টা আৰ্থিকভাৱে পিছপৰা শ্ৰেণী বাবে সংৰক্ষিত থকাৰ বিপৰীতে ৫৪ টা পদ অসংৰক্ষিত।
দৰমহাৰ স্কেল মাহিলী ২৬,০০০ টকাৰ পৰা ৯০,০০০ টকা।
শিক্ষাগত অৰ্হতা : উচ্চতৰ মাধ্যমিকৰ ৪০ শতাংশ বা তাতকৈ অধিক নম্বৰৰে উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰি কমেও ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব।
লগতে পঢ়ক : কিদৰে অসমৰ ভিতৰুৱা অঞ্চলত কম খৰচি আৰু সুস্থিৰ সৌৰ শক্তিয়ে বহুজনক জীৱন-দান দিছে
বয়সৰ সময়সীমা : ১৫ আগষ্ট ২০২১-ত ১৮ৰ পৰা ৩০ বছৰ (জেনেৰেল), ১৮ৰ পৰা ৩৫ (এছচি/এছটি), ১৮ৰ পৰা ৩৩ (অ’বিচি নন ক্ৰিমী লেয়াৰ)
আৱেদনৰ মাচুল : জেৰেল/অ’বিচি প্ৰাৰ্থীৰ বাবে ২০০ টকা। বাকী সকলৰ বাবে বিনামূলীয়া।
আগ্ৰহী পাৰ্থীসকলে OIL-ৰ ৱেবছাইটত গৈ অনলাইন আৱেদন কৰিব লাগিব। ০১/০৭/২০২১ৰ পৰা আৰম্ভ হোৱা অনলাইন আৱেদনৰ অন্তিম তাৰিখ ১৫/০৮/২০২১।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
বিতং তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।