ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ মাজতে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ।

দুলীয়াজান স্থিত অইল ইণ্ডিয়া লিমিটিড (OIL)-ত ১১৯টা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

এই সন্দৰ্ভত আগ্ৰহী প্ৰাৰ্থীসকলে OIL-ৰ ৱেবছাইটত গৈ বিভাগীয় বিজ্ঞাপন চাব পাৰে।

বিভিন্ন বিভাগত ওলোৱা পদ সমূহৰ বাবে যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলে ৱাক-ইন ইণ্টাৰভিউত অৱতীৰ্ণ হ’ব লাগিব।

২৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ৱাক-ইন ইণ্টাৰভিউ ২২ জুনলৈকে চলিব। ইণ্টাৰভিউত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক পৰীক্ষাৰ দিনা নিজৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰ লৈ আনিবলৈ কোৱা হৈছে।

আটাইবিলাক পদ ঠিকাভিত্তিক। নিযুক্তি সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে আগ্ৰহী সকলে ইয়াত ক্লিক কৰক।

পদ বিলাক হৈছে

ঠিকাভিত্তিক ড্ৰিলিং হেডমেন – ৪টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ২৪ মে’, ২০২১

ঠিকাভিত্তিক ড্ৰিলিং ৰিগমেন – ৫টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ২৭ মে’, ২০২১

ঠিকাভিত্তিক ইলেক্টিকেল ছুপাৰভাইজাৰ – ৫টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ৩১ মে’, ২০২১

ঠিকাভিত্তিক কেমিকেল এছিচটেণ্ট – ১০টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ৩ জুন, ২০২১

ঠিকাভিত্তিক এছিচটেণ্ট ৰিগ ইলেক্ট্ৰিচিয়ান – ১০টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ৭ জুন, ২০২১

ঠিকাভিত্তিক ড্ৰিলিং টপমেন – ১৭টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ১০ জুন, ২০২১

ঠিকাভিত্তিক এছিচটেণ্ট মেকানিক-পাম্প – ১৭টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ১৪ জুন, ২০২১

ঠিকাভিত্তিক গেছ লগাৰ – ২০টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ১৭ জুন, ২০২১

ঠিকাভিত্তিক এছিচটেণ্ট মেকানিক-আইচিই – ৩১টা পদ, ইণ্টাৰ্ভিউৰ তাৰিখ – ২২ জুন, ২০২১

ইণ্টাৰ্ভিউৰ স্থান হৈছে অইল ইণ্ডিয়া লিমিটিডৰ দুলীয়াজান স্থিত মুখ্য কাৰ্য্যালয়। ইণ্টাৰ্ভিউত অৱতীৰ্ণ হ’বলগীয়া সকলো প্ৰাৰ্থীক নিৰ্দিষ্ট পৰীক্ষাৰ দিনা পুৱা ৭ৰ পৰা ১১ বজাৰ ভিতৰত ইণ্টাৰ্ভিউৰ স্থানত গৈ পঞ্জীয়ণ কৰিবলৈ কোৱা হৈছে।

অৱশ্য ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ দিন চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি সাল সলনি হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply