গুৱাহাটী : বাঘজান কাণ্ডক লৈ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে চলাই থকা তদন্ত প্ৰক্ৰিয়াক লৈ সন্তুষ্ট নহয় দেশৰ উচ্চতম ন্যায়ালয়। ফলত উচ্চতম ন্যায়ালয়ে বিস্ফোৰণৰ তদন্ত আৰু পৰিৱেশ পুনৰুজ্জীৱিতকৰণ প্ৰক্ৰিয়াৰ বিষয়টো নিজাববীয়াকৈ চোৱাচিতা কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰি, ন্যয়ালয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ৬ জনীয়া কমিটিয়ে বাঘজান কাণ্ডৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে যুগুত কৰা এখন নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে, অইলৰ পৰিচালন সঞ্চলক গৰাকীয়ো উক্ত ৬ জনীয়া কমিটিৰ এজন সদস্য।

কলিকতাৰ  বনানী কক্কৰ নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে অইল ইণ্ডিয়া লিমিটেড, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয় তথা পৰিৱেশ-বন মন্ত্ৰ্যালয়ক জাননী জাৰি কৰে।

বাঘজান কাণ্ডৰ শুনানি গ্ৰহণ কৰি থকা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি যোৱা ২১ এপ্ৰিলত পৰিৱেশ কৰ্মী বনানী কক্কৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে সন্মুখীন হৈ থকা পৰিস্থিতিৰ গুৰুত্বক অৱহেলা বুলি পৰিৱেশ কৰ্মীগৰাকীয়ে অভিযোগ কৰিছিল।

লগতে পঢ়ক : ব্লেক ফাংগাছত আক্ৰান্ত হৈ ৰাজ্যৰ দ্বিতীয়জন লোকৰ মৃত্যু, এইবাৰ ডিব্ৰুগড়ত

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গঠন কৰা ৬ কমিটিত অইলৰ পৰিচালন সঞ্চালক গৰাকীক অন্তৰ্ভুক্ত কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁ উচ্চতম ন্যয়্যলয়ত আৱেদন দাখিল কৰিছিল।

প্ৰাক্তন  ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত গঠিত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কমিটিয়ে বাঘজানত তৈলখাদ স্থাপনৰ সময়ত অইলে পৰিৱেশকে ধৰি কেন্দ্ৰীয় প্ৰদূষণ ব’ৰ্ডৰ নিয়ম উলংঘা কৰাৰ অভিযোগ সন্নিৱিষ্ট কৰি বাঘজান তৈলক্ষেত্ৰক অবৈধ বুলি ঘোষণা কৰিছিল।

এই সম্পৰ্কত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ কটকীয়ে কমিটিৰ কাৰ্য্যকাল ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। কিন্তু এ কে গোৱেলৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ পীঠে কটকীক তেওঁৰ তদন্তৰ প্ৰতিবেদন তিনিখন নতুন কমিটিক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে, উক্ত তিনিখন কমিটিৰ এখনত অইলো সদস্য হিচাপে থাকে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বাঘজান কাণ্ডৰ গোটেই বিষয়টো যিধৰণে পৰিচালনা কৰিছে তাক লৈ উচ্চতম ন্যায়ালয়ে আশ্চৰ্য্য প্ৰকাশ কৰে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা পি টি আইৰ এক প্ৰতিবেদন মতে অইলৰ পৰিচালন সঞ্চালকক তদন্ত কমিটিৰ সদস্য হিচাপে ৰখা কথাটোত উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

‘ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে যিধৰণে বিষয়টোক নিজৰ হাতৰ পৰা উলিয়াই পঠাইছে আমি তাক লৈ মুঠেই সন্তুষ্ট নহয়। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এনে কৰা উচিত নহয়,’ ন্যায়াধীশ দুগৰাকীয়ে কয়।

উচ্চতম ন্যয়ালয়ে অইল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয় তথা পৰিৱেশ-বন মন্ত্ৰ্যালয়ক অহা তিনি সপ্তাহৰ ভিতৰত হ’বলগীয়া পৰৱৰ্তী শুনানিত ইয়াৰ এক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি বাঘজান কাণ্ডৰ তদন্ত আৰু পুনৰুজ্জীৱিতকৰণৰ বিষয়টো এতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ চোৱাচিতা কৰিব পাৰে বুলিও ইংগিত দিয়ে।

আৱেদনকাৰীসকলে ন্যায়ালয়ত বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন মে কে যাদৱে যুগুত কৰা প্ৰতিবেদনৰ কথাও উল্লেখ কৰিছিল।

যাদৱে যুগুত কৰা সমিক্ষাৰ মতে বাঘজানত সংঘটিত বিস্ফোৰণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই অঞ্চলটোৰ পৰিৱেশৰ ওপৰত হোৱা ক্ষতিৰ পৰিমান ২৫,০০০ কোটিতকৈ অধিক আৰু ইয়াক পুনৰুজ্জীৱিত কৰিবলৈ ১০ বছৰতকৈ অধিক কালৰ প্ৰয়োজন হ’ব।

ইংৰাজীত পঢ়ক : OIL officials barred from investigating Baghjan blowout, says SC

মূল লেখক : অনুপম চক্ৰৱৰ্তী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,113 other subscribers

Leave a comment

Leave a Reply