গুৱাহাটী : অ’লা-উবেৰ বর্জনৰ সিদ্ধান্ত কেৱ চালক সকলৰ। ১ অক্টোবৰৰ পৰা কেৱ চালক সকলে অ’লা-উবেৰ বর্জন কৰিব। দুটাকৈ কেৱ চালক সন্থাৰ এই সিদ্ধান্ত। অ’লা-উবেৰ নামৰ দুটা প্ৰতিষ্ঠানে কেৱ চালক সকলক শোষণ কৰাৰ অভিযোগ।
সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘৰ অধীনত থকা কেৱ চালক সকলে ১ অক্টোবৰৰ পৰা অ’লা-উবেৰ নামৰ দুটা কেৱ প্ৰতিষ্ঠানক বর্জন কৰাৰ সিদ্ধান্ত লৈছে। ১ অক্টোবৰৰ পৰা এই সকল কেৱ চালকে অ’লা-উবেৰৰ পৰিবৰ্তে পে-ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্ত হৈ কেৱ চলাব।
কেৱ চালক সকলৰ দুটা সন্থাৰ অধীনত থকা কেৱ চালক সকলে অভিযোগ উত্থাপন কৰে যে অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই দীর্ঘদিন ধৰি কেৱ চালক সকলক শোষণ কৰি আহিছে। এই দুটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে পূৰ্বেও কেৱ চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰি এই দুটা প্ৰতিষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
পূৰ্বে কেৱ চালক সকলৰ সন্মুখত কোনো ধৰণৰ বিকল্প ব্যৱস্থা নথকাৰ ফলত কেৱ চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰিও পুনৰ এই দুটা প্ৰতিষ্ঠানৰ লগত জড়িত হ’বলৈ বাধ্য হৈছিল বুলি কয় সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰে। এতিয়া যিহেতু নতুনকৈ পে-ইণ্ডিয়া কেৱ প্ৰতিষ্ঠানৰ আত্মপ্ৰকাশ হৈছে গতিকে এতিয়া কেৱ চালক সকলে বিকল্প লাভ কৰিছে।
লগতে পঢ়ক- আলফাত যোগদান কৰিবলৈ আহি জালত পৰিল সাত যুবক
কেৱ চালক সকলৰ এই দুটা সন্থাই বর্তমানেও অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাৰ অধীনত কেৱ চলাই থকা চালক সকলক অ’লা-উবেৰ বৰ্জন কৰাৰ আহ্বান জনায়। কেৱ চালক সকলৰ এই দুটা সন্থাৰ লগতে তেওঁলোকৰ বাহন সমুহৰ নথি-পত্ৰ নবীকৰণ কৰাৰ বাবে চৰকাৰে তেওঁলোকক ২০২২ চনৰ মাৰ্চ মাহ পৰ্যন্ত সময় দিবলৈ আহ্বান জনাই।