সোণাপুৰ : অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত সোণাপুৰত চৰকাৰী বৃদ্ধাশ্ৰমৰ নৱনিৰ্মিত আৱাস গৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ ৰাজ্যিক পুঁজিৰ জৰিয়তে ৩ কোটি ৫ লাখ টকা ব্যয়েৰে প্ৰয়োজনীয় সা-সুবিধাযুক্ত আৱাস গৃহটো নিৰ্মাণ কৰা হৈছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে বিনামূলীয়া ৰাষ্ট্ৰীয় হেল্প লাইন ১৪৫৬৭ মুকলি কৰে। তদুপৰি, কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ ১০০০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে দিব্যাংগসকলৰ মাজত হুইল চেয়াৰ বিতৰণ কৰে। আমাৰ চৰকাৰখনে জ্যেষ্ঠ নাগৰিকসকলক উপযুক্ত সন্মান প্ৰদান কৰাৰ লগতে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক সেৱা আগবঢ়াবলৈ বিশেষ প্রচেষ্টা হাতত লৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক : দুধনৈত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক ৪জন ড্ৰাগছ ব্যৱসায়ী
মুখ্যমন্ত্ৰীয়ে আৰু কয় “আমাৰ বয়োজ্যেষ্ঠসকলৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাটো আমাৰ অন্যতম প্ৰধান দায়িত্ব।” অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।