মৰঙী : বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। মৰঙীৰ বগীধলা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু। গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস।
দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বগীধলা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত হেলেনা তিৰ্কী নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু। বন্যহস্তীৰ এটা বৃহৎ জাকে বাগিচাখনত বিচৰন কৰি থকা অৱস্থাত জাকৰ পৰা ফালৰি কাটি ওলাই অহা এটা বন্যহস্তীয়ে বাগিচাখনত উপদ্ৰৱ চলাই এটা বাসগৃহ ধ্বংস কৰাৰ লগতে বসগৃহটোৰ ভিতৰত আৱদ্ধ হৈ থকা বৃদ্ধা গৰাকীক আক্ৰমণ কৰি থিতাতে নিহত কৰে।
লগতে পঢ়ক : University of Science & Technology Meghalaya (USTM)-লৈ NAAC -ৰ A গ্ৰেড
উল্লেখ্য যে দুমাহৰ পূৰ্বে উক্ত বাগিচাখনত বন্যহস্তীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ মৃত্যু হৈছিল।ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।