নিউজ ডেস্কঃ ২০১২চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতৰ হৈ শিখা কঢ়িওৱাত অংশ লৈছিল অসমৰ পিংকী কৰ্মকাৰে।

লণ্ডনৰ পৰা নিজ ৰাজ্যলৈ ঘূৰি আহোতে বিমান বন্দৰৰ পৰা পিংকীক মুখ্যমন্ত্ৰীৰ কনভয়ৰ দ্বাৰা বিমানবন্দৰৰ পৰা ঘৰলৈ অনা হৈছিল। 

সেই পিংকীয়ে পিছলৈ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে দিন কটাবলগীয়া হৈছিল। অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে এৰি দিবলগীয়া হৈছিল । নামভৰ্তিৰ বাবে বিভিন্নজনৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিও বিফল হৈছিল পিংকী।

লগতে পঢ়কঃশৰাইঘাট দলঙৰ ৰেলিং ভাঙি ৫০ ফুট তলত পৰিল মাৰুতি

দেউতাকৰ অৱসৰ আৰু মাতৃৰ মৃত্যুৰ পিছত যথেষ্ট আৰ্থিক সমস্যাত পৰি ১৬৭ টকা দৈনিক মজুৰীত চাহ বাগিছাৰ স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত হ’বলগীয়া হৈছিল ৷

অৱশেষত সুৰ্দীঘ ৯ বছৰৰ পাছত  নিজৰ ন্যাৰ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হ‘ল পিংকী ৷

লগতে পঢ়কঃখহনীয়াত সৰ্বশ্ৰান্ত হোৱা নৈপৰীয়া ৰাইজৰ কান্দোন কোনে শুনিব?

কঠোৰ জীৱন সংগ্ৰামৰ মাজত জীৱন অতিবাহিত কৰা  পিংকী কৰ্মকাৰে জনপ্ৰতিনিধিৰ জৰিয়তে শেহতীয়াকৈ লগ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল।

অৱশেষত দেওবাৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ডিব্ৰুগড়ৰ বৰবৰুৱাত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত হৈ পিংকী কৰ্মকাৰক প্ৰদান কৰে নিযুক্তি পত্ৰ ।

ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ কৰ্মচাৰী ভবিষ্যৎ নিধি বিভাগত নিযুক্তি দিয়ে পিংকী কৰ্মকাৰক।

উল্লেখ্য যে, পিংকীয়ে মাত্ৰ ১৮ বছৰ বয়সতে ইউনিছেফৰ “স্প’ৰ্টছ ফ’ৰ ডেভেলপমেণ্ট” শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply