শোণিতপুৰ : অসম আহি পালে নেকি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন? শোণিতপুৰত ধৰা পৰিছে নেকি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্রান্ত প্ৰথমজন ব্যক্তি? শনিবাৰে অসমৰ প্ৰথমজন অমিক্ৰনত আক্রান্ত ৰোগীজনক চিনাক্ত কৰা হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

শোণিতপুৰ জিলাৰ বালিপৰাৰ বুঢ়াগাঁও চাপৰিৰ এজন ব্যক্তি অমিক্ৰনত আক্রান্ত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অসমৰ প্ৰথমজন অমিক্ৰনত আক্রান্ত সন্দেহ কৰা ব্যক্তিজনৰ নাম সূৰ্য বাহাদুৰ তামাং।

অমিক্ৰনত আক্রান্ত বুলি সন্দেহ কৰা সূৰ্য বাহাদুৰ তামাং নামৰ ব্যক্তিজন চৌদি আৰৱত কৰ্মৰত আছিল। নিশাই সূৰ্য বাহাদুৰ তামাংক চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক : পুনৰ সমগ্ৰ উত্তৰ পূবত ‘কা’ বিৰোধী প্ৰতিবাদ

সূৰ্য বাহাদুৰ তামাংৰ শৰীৰত অমিক্ৰনৰ লক্ষণ দেখা দিছে যদিও বৰ্তমানলৈকে সূৰ্য বাহাদুৰ তামাং অমিক্ৰনত আক্রান্ত হৈছে নে নাই এই সম্পৰ্কে স্বাস্থ্য বিভাগৰ ফালৰ পৰা স্পষ্ট কৰা হোৱা নাই। সূৰ্য বাহাদুৰ তামাংৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ ফলাফৰ পিছতে স্পষ্ট হ’ব।

এই সন্দৰ্ভত শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসেও দিয়া স্পষ্টীকৰণত উল্লেখ কৰিছে যে, তেজপুৰ মেডিকেল কলেজ দিয়া তথ্য অনুসৰি RT-PCR পৰীক্ষাত কোভিড প’জিটিভ ধৰা পৰিছে। জেনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে ৰোগীজনৰ নমুনা। এতিয়াও অহা নাই পৰীক্ষাৰ প্ৰতিবেদন। সেয়েহে এতিয়াই এই সন্দৰ্ভত ব্যক্তিগৰাকী অ’মিক্ৰণ আক্ৰন্ত হয় অথবা নহয় বুলি ক’ব নোৱাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply