নিউজ ডেস্ক : অমিক্ৰণে সমগ্ৰ বিশ্বতে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিগত এটা মাহৰ ব্যৱধানত ১০৮ খন দেশত অমিক্ৰণ সংক্ৰমিত হোৰাৰ লগতে এই পৰ্য্যন্ত ১.৫ লাখ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে।
বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা ২ ডিচেম্বৰত কৰ্ণাটকত অমিক্ৰণৰ প্ৰথমটো কে’চ ধৰা পৰাৰ পিছত এই পৰ্য্যন্ত ভাৰতৰ ১৭ খন ৰাজ্যৰ ৩৫০ গৰাকীতকৈ অধিক লোক অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্ত হৈছে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশসমূহৰ চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। চলিত মাহৰ আৰম্ভণিৰ পৰা বৃটেইনত সকলো ৰাজহুৱা পৰিবহণ, দোকান, সভা আদিত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
অৱশ্য ইয়াৰ মাজতে চিকিৎসকসকলে মাস্ক পৰিধানৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অক্সফৰ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাৰ্থমিক স্বাস্থ্য সেৱা বিভাগৰ অধ্যপক ট্ৰিছ গ্ৰীনহাঘৰ মতে একোখন মাস্ক ভাল নে বেয়া সেয়া মাস্কখনত ব্যৱহাৰ কৰা কাপোৰৰ ওপৰত নিৰ্ভৰ কৰে।
সাধাৰণতে দুটা বা তিনিটা তৰপ থকা মাস্কসমূহ অধিক উপযোগী হয় যদিও বেছিভাগ মাস্ক কেৱল ‘ফেশ্যন সামগ্ৰী’ আৰু সেইসমূহৰ কোনোধৰণৰ স্বাস্থ্যসন্মত মানদণ্ড নাই বুলি গ্ৰীনহাঘে কয়।
তেওঁ আৰু কয় যে N95 মাস্ক প্ৰস্তুত কৰা সকলে এটা কথা ধ্যান দিয়া উচিত যাতে উক্ত মাস্কসমূহে বায়ুৰ ৯৫% কণিকা ফিল্টাৰ কৰে।
লগতে পঢ়ক : ৰাজস্থানত দুৰ্ঘটনাত পতিত মিগ-২১ বিমান,নিহত উইং কামাণ্ডাৰ হৰচিত সিনহা