বকোঃ ছয়গাঁৱৰ বুঢ়াহাৰা গাঁৱত ‘মিছন অমৃত সৰোবৰ’ৰ মুকলি অনুষ্ঠানত এখন এক্সকেভেটৰ চলাই পুখুৰী খান্দিবলৈ যোৱাৰ সময়ত সকলোৰে আৰ্কষণৰ কেন্দ্ৰবিন্দু আছিল ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।
বিধায়ক ৰেকিবুদ্দিন আহমেদে শনিবাৰে বনগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়াহাৰা গাঁৱত ১০খন fishery tank আধাৰশিলা স্থাপন কৰে।
উল্লেখ্য যে, ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন অমৃত সৰোবৰ মুকলি কৰিছিল।

অনুষ্ঠানত উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়, ”মিছন অমৃত সৰোবৰৰ অধীনত ছয়গাঁও সমষ্টিত ছয়গাঁও, বনগাঁও আৰু গৰৈমাৰী উন্নয়ন খণ্ড এলেকাত ১০খন fishery tankৰ আধাৰশিলা স্থাপন কৰিলোঁ।’
আহমেদে লগতে কয়, “fishery tankবোৰ কেৱল মীন পালনৰ বাবেই নহয়। ইয়াৰ উপৰিও ইয়াত সৌন্দৰ্যবৰ্ধন, গছ ৰোপণ, সৌৰ পোহৰ প্ৰণালী, আৰু সীমান্তবেষ্টনীও অন্তৰ্ভুক্ত আছে। আত্মসহায়ক গোটসমূহ এই অভিযানৰ অংশ হ’ব। ই এক ঐতিহাসিক স্থান হ’ব আৰু ই স্থানীয় জনসাধাৰণক উপকৃত কৰিব। গ্ৰাম্য জনসাধাৰণৰ বাবে এই পদক্ষেপৰ বাবে মই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো।’

অনুষ্ঠানত বঙাইগাঁৱৰ বিডিঅ’ গুলচন চুলতানা,বনগাঁও ব্লক কংগ্ৰেছৰ সভাপতি ছবিন বড়োকে ধৰি বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।
প্ৰকল্পটোৰ সবিশেষ সন্দৰ্ভত বঙাইগাঁওৰ বিডিঅ’ গুলচন চুলতানাই কয়, “বুঢ়াহাৰা fishery tankটো ৩৯,০০,০০০ টকা ব্যয়েৰে ৩ হেক্টৰ এলেকা সামৰি নিৰ্মাণ কৰা হ’ব, ২৮,৭৫,০০০ টকা ব্যয়েৰে ১.৫ হেক্টৰ এলেকাত Bahjani Raij Gayarah আৰু ১৪,৭০,০০০ টকা ব্যয়েৰে ১ হেক্টৰ এলেকা সামৰি বাঁহজানী কৃষিপাম নিৰ্মাণ কৰা হ’ব।”
গুলচন চুলতানাই লগতে কয় – ‘বাহজানী কলিতাপাৰা টেংক ক্ৰমে ১.৫ হেক্টৰ আৰু জামবাৰী টেংক ১ হেক্টৰ ভূমি সামৰি নিৰ্মাণ কৰা হ’ব।’