গুৱাহাটীৰ পৰা ছৰফৰাজ খান : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ৰাজ্যত ২০২ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ মঙলবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। মঙলবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৩.৬৭ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত মঙলবাৰে ৫,৫০২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ২০২ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই মঙলবাৰে।
দিনটোত সৰ্বাধিক ২৩ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ২২ জন লোক তিনিচুকীয়া জিলাত, ১৭ জন লোক ডিব্ৰুগড় জিলাত, ১৫ জন লোক গোৱালপাৰা জিলাত আৰু ১৫ জন লোক আক্রান্ত হৈছে কামৰূপ জিলাত। মঙলবাৰৰ দিনটোত ২০২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৮৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
ইফালে মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১৯৩ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে মঙলবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।