কদ্দুছ আলী নামৰ এজন অস্ত্ৰ সৰবৰাহকাৰী

নগাঁৱত আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰ সহ অস্ত্ৰ সৰবৰাহকাৰী ৷
নগাঁৱৰ আমতলৰ পৰা গ্ৰেপ্তাৰ কৰা অস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম কুদ্দুছ আলি।
ধৃত কুদ্দুছ আলি নামৰ পৰা এটা ৯এম.এম. পিষ্টল আৰু সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে ৷
ধৃত কুদ্দুছ আলিৰ ঘৰ নগাঁও চিলঙনিত ৷
পূৰ্বতে অস্ত্ৰ সৰবৰাহ আৰু ডকাইতি গোচৰত অভিয়ুক্ত আছিল ধৃত কুদ্দুছ আলি ৷

দেওবাৰে নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালী, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ মেৰাতলাত অভিযান চলাই কদ্দুছ আলী নামৰ অস্ত্ৰ সৰবৰাহকাৰী জনক আটক কৰে । আৰক্ষীৰ দলটোৱে কদ্দুছ আলীৰ পৰা এটা 9 MM পিষ্টলৰ লগতে সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, নগাঁৱৰ চিলঙনি নিবাসী কদ্দুছ আলী পূৰ্বেও অবৈধ অস্ত্ৰ সৰবৰাহ কৰাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল । সম্প্ৰতি ধৃত কদ্দুছ সন্দৰভত অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ণ পৰিষদৰ তদন্তৰ দাবী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,146 other subscribers

Leave a comment

Leave a Reply