মঙলদৈঃ তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ হ’ল এজন। দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে মৌলানা ফজলুল কৰিম কাছিমি নামৰ লোক জনক।
মৌলানা ফজলুল কৰিম কাছিমি য়ে তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যম যোগে প’ষ্ট শ্বেয়াৰ কৰিছিল।
লগতে পঢ়কঃতালিবানক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিল ১৪ জন
কাছিমি জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে এ আই ইউ দি এফ ৰাজ্যিক সম্পাদক ৰ দায়িত্বতো আছিল ।
মৌলানা ফজলুল কৰিম কাছিমি বিৰুদ্ধে 410/21 U/S 120 B / 153 (1) a,c/298/505 (1) b,c/502 IPC ধাৰাত গোচৰ ৰুজু হৈছে।
বৰ্তমান মৌলানা ফজলুল কৰিম কাছিমিক মঙলদৈ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ।
আনহাতে হোজাই জিলাৰ ডবকা আৰক্ষীয়ে ডৱকাৰ ১০ নং ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৌলানা বচিৰ উদ্দিন লস্কৰ নামৰ অৱসৰ প্ৰাপ্ত শিক্ষক জনক।
ধৃত লস্কৰৰ বিৰুদ্ধে ডৱকা থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি শংকৰদেৱ নগৰ প্ৰথম শ্ৰেণীৰ আদালতত হাজিৰ কৰায়।পিছত আদালতে লস্কৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।