গুৱাহাটীঃ মহানগৰীৰ ডাউনটাউনত জব্দ বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট।
ডাউনটাউন বাছ ষ্টপেজৰ পৰা শুল্ক বিভাগে ২২খন সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ কৰে এজনক।
গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম কেতন সিং বুলি জানিব পৰা গৈছে। তেওঁ মুম্বাইৰ বাসিন্দা।
কেতন সিং দীৰ্ঘদিন ধৰি অবৈধ সোণৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল।
জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা।
ইফালে, দেওবাৰে নিশা হাতীগাঁও আৰক্ষীয়ে অশোক পথৰ এটা ঘৰত অভিযান চলাই ১০ গ্ৰাম হেৰোইনসহ এগৰাকী মহিলাক আটক কৰে।

আটকাধীন মহিলাগৰাকীৰ নাম ৰুণা বেগম।
আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা নগদ 40000 টকাৰ লগতে এখন টাটা নেক্সন গাড়ী জব্দ কৰিছে।
লগতে পঢ়কঃতামুলপুৰত নিশা দুৰ্বৃত্তৰ আক্ৰমণত নিহত এজন ২০ বছৰীয়া যুৱক