বোকাখাতত উদ্ধাৰ হোৱা বেগটোৰ সামগ্ৰী

উত্তৰ পশ্চিম যোৰহাটৰ আঠ নং স্পাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পলসত আজি বিয়লী এটা মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছে। মৃতদেহটো মহিলাৰ বুলি সন্দেহ কৰিছে।

নিমাতী ঘাটৰ নাও দুৰ্ঘটনা লগত জৰিত হব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ আহিব।

আনহাতে বোকাখাত মহকুমাৰ ভক্তে চাপৰিৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বাঘেখোৱা নামৰ চাপৰিত বুধবাৰৰ দিনা বিয়লি স্থানীয় মাছমৰীয়াই এটা বেগ উদ্ধাৰ কৰে ৷ পানীত উটি আহি বালিত পৰি ৰোৱা অৱস্থাত পাই বগা ৰঙৰ লেডাৰৰ বেগটো ৷

বেগটোৰ ভিতৰত মহিলাই ব্যৱহাৰ কৰা কাপোৰ, এটা নীলা জেকেট, আপেলৰ দুটা টোপোলা, কনমানি এজোৰ চেণ্ডেল আৰু এখন আধাৰ কাৰ্ড পোৱা গৈছে ৷ আধাৰ কাৰ্ডখন যোৰহাট বালি গাওঁৰ নয়নমনি পায়েংৰ বুলি জানিব পৰা গৈছে ৷ পানীত উটি অহি বালিত লাগি থকা বেগটো বুধবাৰৰ দিনা স্থানীয় মাছমৰীয়াই দেখি ভক্তে চাপৰিত থকা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন শিৱিৰৰ বনকৰ্মীক জনায় ৷

উদ্ধাৰ হোৱা বেগটো নিমাতীৰ শোকাবহ নাওঁ দুৰ্ঘটনাৰে কোনো যাত্ৰীৰ বুলি স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে সন্দেহ কৰিছে ৷ বেগৰ লগত পোৱা নয়নমনি পায়েংৰ সন্ধানত বোকাখাত আৰক্ষীয়ে এতিয়া অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক তেজপুৰৰ কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আৰক্ষী অনুৰূপা-ৰাজীব ক’ত হেৰাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply