মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: এগৰাকী সুন্দৰী যুৱতীৰ মৃতদেহ উদ্ধাৰ ঘটনাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰ ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে।

লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ বিবৰণি মতে, সোমবাৰে পুৱা প্ৰায় ৯ বজাত চবনম খাতুন (২০) নামৰ এগৰাকী যুৱতীয়ে নিজ বাসগৃহৰ পৰা প্ৰায় ৩০/৪০ মিটাৰ নিলগত অৱস্থিত তথা ক’ল ইণ্ডিয়াৰ মুক্তখনন স্থলীত প্ৰাতঃ ক্ৰীয়া কৰিবলৈ গৈছিল। প্ৰায় এঘণ্টা সময়ধৰি যুৱতীগৰাকী ঘৰলৈ উভতি নহা দেখি মাতৃ আৰু ভগ্নীয়ে বিচাৰি যোৱাত যুৱতীগৰাকী ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে।

ইতিমধ্যে নিজ কন্যাৰ এনে অৱস্থা দেখি মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত পৰি থকা যুৱতী গৰাকীক উদ্ধাৰ কৰে যদিও ইতিপূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হয়।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য মতে মৃত যুৱতী গৰাকীৰ কপালত জোঙা অস্ত্ৰৰে খোচাৰ চিন থকাৰ লগতে মূৰৰ সন্মুখ ভাগ শিলজাতীয় টান বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছিল। ঘটনাস্থলীৰ পৰা তেজ লাগি থকা দুটা ডাঙৰ শিল উদ্ধাৰ কৰা হৈছে।

একাংশ লোকে মৃত যুৱতীগৰাকী বাঘ জাতীয় বনৰীয়া জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু দিনৰ ভাগত এনে ঘটনা ঘটাৰ সম্ভাৱনীয়তা প্ৰায় ক্ষীণ।

তদুপৰি শৰীৰৰ একমাত্ৰ কপালত কৰা আঘাতলৈ চাই ই পৰিকল্পিত হত্যাকাণ্ড বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। মনকৰিবলগীয়া যে যুৱতী গৰাকী উদ্ধাৰ হোৱা স্থানেদি নিতৌ চোৰাং কয়লা সৰবৰাহকাৰী সকল আহ যাহ কৰে।

লগতে পঢ়ক- অভিযুক্ত আৰক্ষীয়ে গুলীবৃদ্ধ কৰা যুবকক ড্ৰাগছ মাফিয়া বনোৱাৰ চেষ্টা অব্যাহত ৰাখিছে

সেই দিশলৈ চাই ঘটনাটি চোৰাং কয়লা সৰবৰাহকাৰীসকলে সংঘটিত কৰা বুলিও সন্দেহ কৰিছে এচামে। বৰ্তমান সমগ্ৰ ঘটনাটো সন্দৰ্ভত লিডু আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। চবনমৰ মৃত্যুত সমগ্ৰ অঞ্চলৰ শোকৰ ছাঁ‌ পৰাৰ লগতে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply