ছয়গাঁও : ছয়গাঁৱৰ মাজগুমিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক আটক। অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে নিতৌ অভিযান চলাই আছে ছয়গাঁও আৰক্ষীয়ে৷ বিগত দিনকেইটাত ছয়গাঁও আৰক্ষীয়ে কেইবাটাও সফল অভিযান চলাই বহুসংখ্যক ড্ৰাগছ, সুৰা, গাঞ্জা, চোৰাং গৰু আদি জব্দ কৰাৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
মঙলবাৰে নিশা ছয়গাঁও আৰক্ষীৰ এটি দলে ছয়গাঁৱৰ মাজগুমিত এক অভিযান চলাই এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল জব্দ কৰে৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানটোত ছয়গাঁৱৰ মাজগুমিৰ ড্ৰাগছ ব্যৱসায়ী ছফিকুল ইছলামক আটক কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনৰ ৰয়েল এনফিল্ড মটৰ চাইকেলৰ টোল বক্সৰ ভিতৰৰ পৰা ৩০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু ৪০ টা খালী কন্টেইনাৰ জব্দ কৰে৷
লগতে পঢ়ক : মোৰ জীৱনকালতে এনে এটা দিন আহিব যে ১২৬ টা সমষ্টিতে বিজেপি জিকিব : মুখ্য মন্ত্ৰী
সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীজনক ছয়গাঁও থানাত জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ড্ৰাগছমুক্ত অসম গঢ় দিয়াৰ বাবে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি ৰাখিছে। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে ৰাজ্যৰ চুকে কোণে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে।