বাক্সা : পানীত পৰি মৃত্যু দুধর্ষ অপৰাধী চানফুল আলীৰ। আৰক্ষীৰ তদন্তৰ সময়তে বাক্সাৰ খৈৰাবাৰীৰ উপনৈত জাঁপ দিছিল দুধর্ষ অপৰাধী চানফুল আলীয়ে।

কুখ্যাত অপৰাধী চানফুল আলীক কামৰূপ আৰক্ষীয়ে এটা হত্যাকাণ্ডৰ গোচৰৰ ভিত্তিত চৰজমিন তদন্তৰ বাবে বাক্সাৰ খৈৰাবাৰীলৈ লৈ গৈছিল। চানফুল আলীয়ে আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ লওঁতেই নদীত পৰি মৃত্যু হয় চানফুল আলীৰ।

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীয়ে নাপায় জীৱনদায়িনী ঔষধ

আৰক্ষীয়ে ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চানফুল।আলীক মৃত ঘোষণা কৰে চিকিৎসকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হত্যা আৰু ডকাইতিকাণ্ড সংঘটিত কৰিছিল চানফুল।আলীয়ে। সমগ্ৰ ৰাজ্য তথা কামৰূপৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু আছিল চানফুল আলীৰ বিৰুদ্ধে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply