বকো : বকোত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে এখন মহিন্দ্ৰা মেক্সিমো বাহনে। থিতাতে নিহত এজন। আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।
কামৰূপ জিলাৰ বকোৰ লামপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-০১-এমচি-০৪৮৪ নম্বৰৰ এখন মহিন্দ্ৰা মেক্সিমো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে।
লগতে পঢ়ক : বেআইনীভাৱে বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ এইবাৰ অধ্যক্ষৰ বিৰুদ্ধে
পথ দুর্ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে আহত হয় তিনিজনকৈ লোক। নিহত লোকজন নলবাৰীৰ প্ৰসেনজিত সাহা বুলি জানিব পৰা গৈছে। আনহাতে আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে।