বিশ্বনাথ: আজি পুৱা বেদেতী ৰেল ষ্টেচনৰ সমীপত ৰেলে কটা এটি মৃত দেহ স্থানীয় ৰাইজে প্রত্যক্ষ কৰে । ৰেল লাইনৰ ওপৰত দ্বিখন্ডিত ৰূপে পৰি থকা অৱস্থাত দেখা পাই স্থানীয় লোকে । ৰেলে কাটি যায় বুলি সন্দেহ কৰা হৈছে । পিছত ৰেলৱে পুলিচ আহি মৃতদেহ উঠাই বস্তাত ভৰাই লৈ যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।
উদ্ধাৰ হোৱা মৃতদেহ বিশ্বনাথ চাৰিআলিৰ বিজিত নাথ(২৯)বুলি জানিব পৰা গৈছে । স্নাত্তোকত্তৰ ডিগ্ৰীধাৰী নাথে সম্প্রতি বড়োলেণ্ড বিশ্ববিদ্যালয়ত এম ফিল কৰি আছিল । এই ঘটনা দুর্ঘটনা নে,পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা সেইটো ৰহস্যৰ বিষয় হৈ পৰিছে । আৰক্ষীৰ তদন্ততহে প্রকৃত তথ্য পোহৰলৈ আহিব ।