গুৱাহাটী : পুনৰ মহানগৰীত এজন লোকক নৃশংসভাৱে হত্যা। ষট পূজাৰ আনন্দৰ মাজতে মহানগৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। ষট পূজা উপলক্ষে ঘৰলৈ যোৱা এজন লোকে ঘৰৰ ৰখীয়া হিচাপে থৈ গৈছিল হত্যাকাণ্ডৰ বলি হোৱা লোকজনক।

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। বিশেষকৈ বিগত সময়ছোৱাত মহানগৰী গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও হত্যাকাণ্ডৰ ঘটনা। এটাৰ পিছত আনটো হত্যাকাণ্ডই জোকাৰি যোৱা মহানগৰীত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

পল্টন বজাৰৰ কালীবাৰীত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন লোকক মৃতদেহ উদ্ধাৰ হৈছে কালীবাৰীৰ ৰে’লৱে কলনীৰ এটা কোৱাটাৰত। সঞ্জীৱ চৌধুৰী নামৰ কোৱাটাৰটোৰ গৰাকীজনে ষট পূজা উপলক্ষে ঘৰত যোৱাৰ বাবে নাৰায়ণ চক্ৰৱৰ্তীক ঘৰৰ ৰখীয়া হিচাপে থৈ গৈছিল।

লগতে পঢ়ক :  প্ৰতিষেধক নোলোৱা লোকক চৰকাৰী সুবিধা নিদিয়াৰ জাননী

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। মৃত নাৰায়ণ চক্ৰৱৰ্তী কালীবাৰীৰ কালী মন্দিৰৰ পূজাৰী আছিল। নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহত আঘাতৰ চিন পোৱা গৈছে। নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবেহাৰত বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,500 other subscribers

Leave a comment

Leave a Reply