ছিমিয়ন ওৰাং

লখিমপুৰ: গেৰুকামুখত নিৰ্মীয়মান নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কাম কৰি থকা অৱস্থাত এজন যুৱক নদীত পৰি সন্ধানহীন হোৱাৰ ৬ টা দিনৰ পিছত আজি নদীৰ বুকুত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় ।

ঘটনা বিবৰণি মতে, NHPCৰ বিদ্যুত পৰিবাহী টাৱাৰত কাম কৰি থকা অৱস্থাতে সোৱণশিৰিত নৈত পৰি যায় ২১বছৰীয়া ছিমিয়ন ওৰাং নামৰ যুৱকজন । চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত আনন্দ বাগানৰ এক নং দক্ষিন ৰূপহী অঞ্চলৰ আব্ৰাহাম ওৰাঙৰ পুত্ৰ আছিল ২১ বছৰীয়া ছিমিয়ন ওৰাং।

বৃহৎ নদীবান্ধ নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে ।

সন্ধানহীন হৈ থকা ৬টা দিনৰ পিছত নামনি অঞ্চলৰ বগীনদী অাৰক্ষী থানাৰ অন্তৰ্গত বিহদিয়া চাপৰিত নদীৰ বুকুত উঁৱলি যোৱা অৱস্থাত SDRF এ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহটো ।

ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক হাজিৰা কৰি এতিয়া দিন অতিবাহিত কৰিব লগীয়া হৈছে ভ্ৰাম্যমাণৰ শিল্পীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply