মাজুলী : দক্ষিণ মাজুলীৰ ভেকেলি চাপৰিৰ কোমলিয়াত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ আৰক্ষী আৰু এন ডি আৰ এফৰ দল ৰাওনা।
দক্ষিণ মাজুলীৰ ভেকেলি চাপৰিৰ কোমলিয়াত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহটো নিমাতিঘাটত ফেৰী দুর্ঘটনাত সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ফেৰী দুৰ্ঘটনাৰ দিনা চিকিৎসক বিক্ৰমজিৎ বৰুৱা ক’লা কাপোৰ পৰিধান কৰি আছিল।
ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা লোক জনৰ মৃতদেহত ক’লা কাপোৰ থকাৰ বাবে মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক : চতিয়াত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান
ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰাৰ বাবে আৰক্ষী আৰু এন ডি আৰ এফৰ দল ভেকেলি চাপৰিৰ কোমলিয়ালৈ ৰাওনা হৈছে। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ হয় নে নহয় নিশ্চিত কৰিব পৰা যাব।