গুৱাহাটী : মহানগৰী গুৱাহাটীৰ পাণ্ডুত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বৰষুণৰ ফলত এটা ঘৰৰ ওপৰত গাৰ্ড ৱাল খহি পৰাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে তিনিজনকৈ লোক আহত হয়। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ।
পাণ্ডুৰ কলেজ গেটৰ পাহাৰত বৰষুণৰ ফলত গাৰ্ড ৱাল এটা ঘৰৰ ওপৰত খহি পৰাত ঘৰটো চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা ৭৩ বছৰীয়া এগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিজনকৈ অহাত হয়। নিহত মহিলা গৰাকীৰ নাম প্ৰতীমা বণিক বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : বিস্তাৰিত টীকাকৰণ অভিযানৰ প্ৰস্তুতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশর্মাই।
আনহাতে ভূমিস্খলনৰ ঘটনাত আহত হোৱা লোক তিনিজন হৈছে ৰাজদ্বীপ বণিক, সুজিত বণিক আৰ সোমা বণিক। আহত তিনিওজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত লোক তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।