দুধনৈ : দুধনৈত ভয়ংকৰ পথ দুর্ঘটনা। পথত দুর্ঘটনাটোত থিতাতে নিহত এগৰাকী যুৱতী। ই-ৰিক্সা আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুর্ঘটনা।
গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন ই-ৰিক্সা আৰু বাইকৰ মাজত হোৱা সংঘর্ষত থিতাতে নিহত হয় এগৰাকী যুৱতী।
নিহত যুৱতী গৰাকীৰ নাম ভাগৱতী দৈমাৰী বুলি জানিব পৰা গৈছে। দুর্ঘটনাত যুৱতী গৰাকীৰ মাতৃও আহত হৈছে। যুৱতী গৰাকীৰ মাতৃ চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক : গুৱাহাটীত চাকৰিৰ মেলা! জানক সবিশেষ
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিক্সাখনত খুন্দা মৰাত ই-ৰিক্সাখন বাগৰি পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।