নগাঁও : নগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। তীব্ৰ বেগী স্কৰপিঅ’ৰ খুন্দাত নিহত এজন বাইক আৰোহী। আৰক্ষীয়ে জব্দ কৰিছে দুর্ঘটনা সংঘটিত কৰা স্কৰপিঅ’ বাহনখন।
দেওবাৰে নিশা নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। কঠিয়াতলীত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুর্ঘটনা।
লগতে পঢ়ক : মাৰ্ঘেৰিটা মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
নিশা এখন তীব্ৰ বেগী স্কৰপিঅ’ বাহনে এখন বাইকত খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন নবীন নাথ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে স্কৰপিঅ’ বাহনখন জব্দ কৰিছে।