ছয়গাঁও : ৰে’লৰ খুন্দাত এজন নিহত। বিজয়নগৰত সংঘটিত হৈছে এই দুর্ঘটনা। ৰে’লপথৰ দাঁতিত উদ্ধাৰ এখন মটৰ চাইকেল।
দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সৰু তেজপুৰত কামাখ্যা যোগীঘোপা ৰে’লপথত ৰে’লৰ চেপাত এজন অচিনাক্ত লোক নিহত হয়। ৰে’লপথৰ দাঁতিত এএছ-০১-ডি-এক্স-০৯৩৪ নম্বৰৰ ক’লা ৰঙৰ পালচাৰ মটৰ চাইকেল এখনো উদ্ধাৰ কৰা হয়।
লগতে পঢ়ক : বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই
স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই। লোকজন ৰে’লৰ চেপাত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে যদিও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।