ৰূপহীহাট : ৰূপহীহাটৰ বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনা। মৃত্যুদূতত পৰিণত হৈছে বালিকা টাৰ্ণিং পইণ্ট। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।

নগাঁও জিলাৰ ৰূপহীহাটৰ বালিকা টাৰ্ণিং পইণ্টত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। পথ দুর্ঘটনাটোত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন কট গোস্বামী বুলি চিনাক্ত কৰা হয়।

লগতে পঢ়ক :  বৈঠালাংছ’ৰ হংক্ৰামত বনৰীয়া হাতীৰ উপদ্ৰব

কট গোস্বামী নামৰ যুৱকজন লাওঁখোৱাৰ পৰা পূজা চাই সুতিৰপাৰলৈ বইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। নিহত যুৱকজনৰ ঘৰ ৰূপহীহাটৰ সুতিৰপাৰত বুলি জানিব পৰা গৈছে।

(বাহাৰুল ইছলাম)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply