সলিল সমাধি যুৱ শিক্ষকৰ

স্মৃতি ৰেখা লাহন, টীয়ক: ব্যৱসায়ী মুনাফা লাভৰ স্বাৰ্থত গুৰু গোহাঁই নামনি একাংশ মাটিৰ ব্যৱসায়ীয়ে পথাৰৰ মাজত খন্দা পুখুৰীত পৰি টীয়কত কৰুণ মৃত্যুক সাৱতিলে ২৬ বছৰীয়া এজন যুৱ শিক্ষকে।

টীয়ক গুৱালগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ জেষ্ঠ পুত্ৰ মানস প্ৰতিম বৰাই জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি ঘৰৰ পাছফালৰ পথাৰত হাঁহ খেদিবলৈ গৈ উন্মুক্ত পুখুৰীত পৰে ।

স্থানীয় কোনো ব্যক্তিয়ে প্ৰত্যক্ষ কৰি বাঢ়নি পানীৰ পৰা কোনোমতে উদ্ধাৰ কৰি ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

উল্লেখযোগ্য যে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে যোৱা ৫ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিছিল মেধা সম্পন্ন যুৱ শিক্ষক জনে। যুৱ শিক্ষকজনৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছা পৰিছে।

লগতে পঢ়ক চিকিৎসকৰ বৃত্তিত কালিমা; ডিব্ৰুগড়ত ব্যক্তিগত চিকিৎসালয়ত মহিলা সহকৰ্মীক ধৰ্ষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply