প্ৰতিনিধিত্বমূলক ছবি

হাতীগাঁৱৰ সিজুবাৰীত যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ। পেৰেডাইজ ইন’ৰ ওপৰত অৱস্থিত ৰাজপেলেচ হোটলত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ।

মৃত যুৱকজন কামৰূপৰ ডিমুৰ ধ্রুৱজ্যোতি ডেকা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। মৃত ধ্রুৱজ্যোতি ডেকা ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত প্ৰকাশ কৰা মতে নিশা তিনি যুৱকৰ সৈতে যুৱকজনে হোটেলখনলৈ আহিছিল। জানিব পৰা মতে, ৩ যুৱতীৰ সৈতে তিনি যুৱকে কৰিছিল পাৰ্টী। কিন্তু শোৱাপাটীত যুৱক গৰাকীৰ মৃতদেহ অৱস্থাত উদ্ধাৰ হয়।  

জানিব পৰা মতে নিশা তিনি যুৱকৰ সৈতে প্রৱেশ কৰিছিল হোটেলখনত। প্রথমে বাৰত পাৰ্টী, তাৰ পিছত হোটেলত যুৱতীৰ সৈতে নৈশ যাপন কৰিছিল যুৱকজনে।


তাৰপাছতেই বুধবাৰে নিশা হোটেলৰ ১০৮নং কোঠাত ৰহস্যজনকভাৱে মৃত্যু হয় ধ্রুৱজ্যোতিৰ। ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ধ্রুৱজ্যোতি ডেকাৰ সহযোগী দেৱৰাজ আৰু বিকিক আটক কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply