উৱলি যোৱা মৃতদেহ উদ্ধাৰ

টীয়ক: টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰি মিচিং গাঁৱৰ সমীপৰ এখন বিলত নীলা চোলা পৰিধান কৰা এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সম্প্ৰতি ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সঘনাই মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জোকাৰি গৈছে যদিও শেহতীয়াকৈ টীয়কত হোৱা এনে কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।

লগতে টীয়ক নগৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগৰ কাৱৈমাৰী অঞ্চলত এনেধৰনৰ অচিনাক্ত মৃতদেহৰ উদ্ধাৰ ঘটনাই অঞ্চলটোৰ লগতে টীয়কবাসী চিন্তিত কৰি তুলিছে।

জানিব পৰা মতে আজি পুৱা বিলত মাছ ধৰিবলৈ যোৱা স্থানীয় কেইজনমান লোকে পানীত উপঙি থকা উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি টীয়ক আৰক্ষীক খবৰ দিয়ে ।

লগতে পঢ়ক-৭৪ গৰাকী ঠিকা ভিত্তিক শিক্ষকে কৰি আছে দুটাকৈ চাকৰি

ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। অচিনাক্ত মৃতদেহটো উৱলি যোৱালৈ চাই মৃত্যু হোৱা বহু দিন হোৱা বুলি সন্দেহ কৰিছে।

মৃতদেহটো চিনাক্ত হোৱা পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ আশা কৰিছে প্ৰশাসনৰ লগতে স্থানীয় লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply