বকো : কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে যে ভয়ংকৰ পথ দুর্ঘটনা। দুই বাহনৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন লোক অহাত হয়। আহত সকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
বকোৰ বন্দাপাৰা তিনিআলিত চুইফট ডিজিআৰ আৰু চেভাৰলেট বিটৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় চুইফট ডিজিআৰৰ চালক। আনহাতে বাহনখনত থকা এগৰাকী মহিলাসহ দুজন যুৱক গুৰুত্বৰভাৱে আহত হয়।
নিহত চালকজন নৃপেন তাচা বুলি জানিব পৰা গৈছে। গুৰুত্বভাৱে আহত মল্লিকা হাজঙ নামৰ মহিলা গৰাকীৰ লগতে যুৱজ দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ধুপধৰাৰ পৰা নগাঁৱৰ জখলাবন্ধা অভিমুখে গৈ থকাৰ অৱস্থাত বকোত দুৰ্ঘটনাত পতিত হয় চুইফট ডিজিআৰ বাহনখন। ধুপধৰাৰ আত্মীয়ৰ ঘৰৰ পৰা উভটাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে চেভাৰলেট বিটৰ চালকজন পলায়ন কৰে।
আৰু পঢ়কঃ উদ্যোগিক বিকাশ কেন্দ্ৰত উদ্ধাৰ হ’ল এটা লাজুকী বান্দৰ
দুৰ্ঘটনাত পতিত চুইফট ডিজিআৰখনৰ নম্বৰ এএছ-১২ বিচি-৬৮৩৬ আৰু চেভাৰলেট বিটখন বাহনখনৰ নম্বৰ এ এছ-০১ এএল-০৬৬৮। চেভাৰলেট বিটখন বাহনখনৰ খুন্দাত চুইফট ডিজিআৰখন পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে।