ৰঙিয়া : ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নদীত পৰি এজন বিশেষভাৱে সক্ষম লোকৰ মৃত্যু হৈছে ৰঙিয়াত। মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।
কামৰূপ জিলাৰ ৰঙিয়াত নদীত পৰি এজন লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত সংঘটিত হৈছে এই ঘটনা। চামচুদ্দিন আলী নামৰ বিশেষভাৱে সক্ষম এজন লোক বৰলীয়া নদীত পিছলি পৰি মৃত্যুৰ মুখত পৰে।
পুৱতি নিশা বিশেষভাৱে সক্ষম চামচুদ্দিন আলী বৰলীয়া নদীত বৰশী চাবলৈ গৈ নদীত পিছলি পৰে। নদীৰ পাৰত চামচুদ্দিন আলীৰ চেন্দেল আৰু গামোচা উদ্ধাৰ হোৱা পিছত ৰাইজে চামচুদ্দিন আলীক বিচাৰি বৰলীয়া নদীত অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক : বিগত পাঁচ দিন ধৰি ভাৰতত হ্ৰাস পাই আছে আক্রান্তৰ সংখ্যা
ৰাইজে কেইবাঘণ্টা ধৰি অভিযান চলোৱাৰ পিছত অৱশেষত প্ৰায় ৫ ঘণ্টা পিছত নদীৰ পৰা চামচুদ্দিন আলীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইদৰে মাছ মাৰিবলৈ গৈ পুৱাৰ ভাগতে এজন বিশেষভাৱে সক্ষম লোক নদীৰ পৰি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।