ৰূপহীহাট : যোৱা বৃহস্পতিবাৰে নগাঁও জিলাৰ ৰূপহীহাটৰ কোচগাঁৱত সংঘটিত হৈছিল এক ভূমি কেন্দ্ৰিক সংঘাত। দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষত আহত হৈছিল ৪ জনকৈ লোক। আহত চৰিজনৰ ভিতৰত শনিবাৰে এজনৰ মৃত্যু ঘটে। মৃত লোকজন ছামছুল হক বুলি জানিব পৰা গৈছে।
নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ছামছুল হকে মৃত্যু আঁকোৱালি লয়। লোকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পিছত গাঁওখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে গাওঁখনৰ আছমত আলী আৰু ছামছুল হকৰ দুই ফৈদৰ মাজত ভূমিৰ কেন্দ্ৰ কৰি সৃষ্টি হৈছিল সংঘাতৰ।
আৰু পঢ়কঃ অসাধু ঠিকাদাৰৰ কৱলৰ পৰা সমাজ কল্যাণ বিভাগক মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ
আছমত আলীৰ ফৈদটোৱে চোকা অস্ত্ৰলৈ জপিয়াই পৰিছিল ছামছুল হকৰ পৰিয়ালৰ ওপৰত। আছমত আলীৰ চাৰি পুত্ৰৰ চোকা অস্ত্ৰৰ দলবদ্ধ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছিল ছামছুল হকৰ পৰিয়ালৰ তিনি জনকৈ লোক। ইফালে গুৰুত্বৰভাৱে আহত হোৱা জহিৰুল ইছলাম আৰু ছাহাৰুল হক নামৰ অন্য দুজন লোক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।