মঙলদৈঃ দৰঙত পুনৰ দেওবাৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজন মঙলদৈ ১ নং গেৰিমাৰী গাঁৱৰ দেৱকান্ত ভূঞা(৬৫)।

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল দেৱকান্ত ভূঞা। কিছুদিন আগতে একমাত্র পুত্ৰৰো পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

ৰাজ্যত বানপানীৰ পিছতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈ ৰাজ্যখনত মুঠ ২৯৪ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

দৰং জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক জাপানীজ এনকেফেলাইটিছত নিৰ্মূলৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহবান জনালে স্থানীয় লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply