ভাৰত বাংলাদেশ সীমান্তত দীৰ্ঘদিনৰ পৰা চলি থকা গৰুৰ ছিন্ডিকেট আৰু শেহতীয়া ভাবে ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী কাৰ্যৰ সৈতেও জড়িত থকাৰ অভিযোগত আজি ধুবুৰীৰ এজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিছে | বিষয়াজন হ’ল জিলাখনৰ উপ আৰক্ষী অধীক্ষক যতীন দাস |
এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ নিৰ্দেশত আটক কৰা হয় ছিণ্ডিকেটৰ সৈতে জড়িত ৰফিকুল প্ৰামাণিক নামৰ এজন যুৱকক । তেওঁৰ ঘৰত অভিযান চলাই ৪.২১ লাখ টকা উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধুবুৰী জিলা (সীমান্ত) উপ আৰক্ষী অধীক্ষক যতীন দাসক ।
আৰক্ষী বিষয়াজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫৬ হাজাৰ টকা । তাৰ পিছতেই আৰক্ষী বিষয়াসহ দুজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ আৰক্ষী থানাত প্ৰাৰম্ভিক জেৰা চলাই | ৮৮১/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/৪০৯ ধৰাত গোচৰ ৰুজু কৰা হয় । সোমবাৰে আবেলি দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ।
লগতে পঢ়ক ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দিয়া হ’ব বৃহত্ নিযুক্তি