নিউজ ডেস্ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৰ্মান্তিক ঘটনা। ভৰিত শিকলি লগাই এৰি দিয়া হাতী এটা বিদ্যুতৰ খুঁটাত পাক খাই লাগি ধৰাত খুঁটাটো উভালি যায়। ফলত বিদ্যুৎ পৰিবাহী তাঁৰে এক বিস্তীৰ্ণ এলেকা বিদ্যুৎ প্ৰৱাহিত কৰি তোলাত এটা পহু, দুটা বনগাহৰিকে ধৰি বহু আপুৰুগীয়া জীৱ-জন্তুৰ মৃত্যু হয়।
বিভাগীয় দায়িত্বহীনতাৰ বাবেই কাজিৰঙাত প্ৰাণ হেৰুৱালে হাতীসহ গাহৰি,পহুৱে,এই ঘটনাই ৰূপ উদঙাই দিছে বিভাগটোৰ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে জানিব দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী কেম্পৰ অধীনত আজি পুৱা বনকৰ্মীয়ে বিভাগীয় পোহনীয়া ঐৰাবত নামৰ এটা হাতী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা বৈদ্যুতিক তাৰত লাগি অতি মৰ্মান্তিক ভাৱে মৃত্যু হৈ পৰি থকা দেখা পায় ।
ইফালে মৃত বিভাগীয় হাতীটোৰ কাষত ৰাষ্ট্ৰীয় উদ্যানৰ দুটা বন গাহৰি আৰু এটা দুষ্প্ৰাপ্য দল হৰিণাৰ মৃতদেহও বনকৰ্মীয়ে উদ্ধাৰ কৰে । উল্লেখ্য ইয়াৰ পূৰ্বে ও উক্ত বনাঞ্চলত হাতীকে ধৰি বন্যপ্ৰাণী বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু হৈছিল ।
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে যোৱা ১১ কেবি বিদ্যুৎ পৰিবাহী তাৰঁ সংলগ্ন এটা খূটা বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই অঘটন। ঐৰাৱত নামৰ বিভাগীয় হাতীটোৰ ভৰিত লগাই থোৱা শিকলি পাক খাই উভালি পৰে বিদ্যুতৰ খুঁটাটো।
বিদ্যুৎ পৰিবাহী তাঁৰসমূহ স্থানান্তৰণৰ বাবে বন বিভাগৰ ফালৰ পৰা বাৰম্বাৰ বিদ্যুৎ বিভাগক অবগত কৰাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বিদ্যুৎ বিভাগে।
লগতে পঢ়ক-সোণাৰিত বিদ্যালয়ত ছাত্ৰক প্ৰহাৰক লৈ উত্তপ্ত পৰিস্থিতি
যাৰ ফলস্বৰূপে সোমবাৰে দিনৰ ভাগতে সংঘটিত হয় দুৰ্ভাগ্যজনক ঘটনাটো। ঘটনাস্থলীত বনসংমণ্ডল প্ৰাধিকাৰী, বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া, জখলাবন্ধা আৰক্ষীৰ লগতে বিদ্যুৎ বিভাগৰ লোকো উপস্থিত হৈ ঘটনাৰ বুজ লয়। আনহাতেদি বিদ্যু বিভাগৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো ইংগিত দিয়ে।