বৈঠালাংছ’ৰ পৰা জাচন ইংহি: বৈঠালাংছ’ৰ নিকটবৰ্তী ৰাজাগাঁৱৰ এগৰাকী কিশোৰী চাৰি মাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

নিৰুদিষ্ট কিশোৰী গৰাকী ৰজাগাঁৱৰ ঝৰ্নাপানীৰ নিবাসী নন্দ্ৰৰ কাৱৰৰ কন্যা চুমন কাৱৰ। পৰিয়ালৰ পৰা জানিব পৰা মতে,কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপামৰ চিদাম দেৱনাথ আৰু সন্ধ্যা দেবনাথ নামৰ পতি পত্নীয়ে প্ৰায় এবছৰ পূৰ্বেই কিশোৰী গৰাকীক পঢ়াশুনা কৰোৱাম বুলি নিজ গৃহলৈ লৈ গৈছিল।

কিন্তু প্ৰথম এমাহ মান কিশোৰী গৰাকীক নিজ গৃহত ৰাখি সন্ধ্যা দেবনাথে জখলাবন্ধাত বিয়া দিয়া তেওঁৰ জীয়ৰীৰ ঘৰলৈ পঠিয়াই দিয়ে ।বিগত চাৰিমাহ ধৰি জখলাবন্ধাৰ দীপেন হাজৰিকা আৰু ৰুমা হাজৰিকাৰ বাসগৃহৰ পৰাই নিৰুদ্দেশ হৈ আছে কিশোৰী গৰাকী।

কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বহু বিচাৰিছে যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰা নাই। কিশোৰী গৰাকীৰ পৰিয়ালে দীপেন হাজৰিকাৰ ঘৰলৈ ফোন কৰি কিবা খবৰ পাইছেনে বুলি সুধিলে ওলোতাই দাবি ধমকিৰে ভাবুকিহে প্ৰদান কৰে বুলি নিৰুদিষ্ট কিশোৰী গৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে।

আনহাতে ,বিষয়টো আৰক্ষীক অবগত কৰিছে যদিও তেওঁলোকৰ ভুমিকাত সন্তুষ্ট নহয় কিশোৰী গৰাকীক পৰিয়াল ।

লগতে পঢ়ক- লখিমপুৰত বন বিভাগৰ চকুৰ আগতেই চলিছে নথি পত্ৰ বিহীন বনজ সম্পদ সৰবৰাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply