গুৱাহাটী : মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিষয়া। অসম সচিবালয়ত চৰকাৰী বিষয়াই আৰম্ভ কৰিছে দালালৰাজ। দিছপুৰ আৰক্ষীৰ জালত পৰিল দালালৰূপী চৰকাৰী বিষয়া।
সোমবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰে ভূপেন হাজৰিকা নামৰ এজন আবকাৰী বিষয়া। মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ভূপেন হাজৰিকা নামৰ আবকাৰী বিষয়াজনে উৎকোচ লৈ গ্ৰেপ্তাৰ হয়। ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ পৰা ভূপেন হাজৰিকাই ৫ হাজাৰ টকা উৎকোচ লৈছিল।
লগতে পঢ়ক : নাওকাটাত শুক্লাই মহকুমা দাবী সমিতিৰ সংবাদমেল
এই সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ ব্যক্তিগত সহায়ক সুমিত দেৱে এক গোচৰ ৰুজু কৰিছিল। দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই ভূপেন হাজৰিকাৰ গ্ৰেপ্তাৰ কৰে। দিছপুৰ আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে ভূপেন হাজৰিকাক জেৰা চলাই আছে।