অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত

কোকৰাঝাৰৰ অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান(২২) কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । খবৰ অনুসৰি অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মুল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নজিবুল আলি(১৯) আৰু ফৰিজুল ৰহমান(২২)ক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল ।

কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্ত তিনিজনে নিজৰ দোষ স্বীকাৰ কৰে আৰু এজন অভিযুক্ত ফৰিজুল ৰহমানে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী কিশোৰীৰ মোবাইল এটা শালবাৰী এলেকাত লুকুৱাই থোৱা বুলি স্বীকাৰোক্তি দিয়ে।

বুধবাৰে নিশা তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক শালবাৰী এলেকালৈ লৈ যায় । অভিযুক্তক ফৰিজুলকলৈ আৰক্ষীৰ দলটোৱে বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পিছত লুকুৱাই থোৱা মোবাইলটো দেখুওৱাৰ চলেৰ অভিযুক্ত ফৰিজুল ঘন জংঘলৰ ভিতৰত সোমাই যায় । ইয়াৰ পাছতে হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবলজনক আক্ৰমন কৰি অভিযুক্ত ফৰিজুল পলাই যাবলৈ চেষ্ঠা কৰে যদিও ব্যৰ্থ হয়। কনিষ্টবল জনল সৈতে হোৱা এই টনা-আজোৰাত হেণ্ডকাফে ফৰিজুলৰ হাতত আঘাত লাগে।

ইয়াৰ অলপ পিছতে  ফৰিজুলে পুনৰ মোবাইল বিচৰাৰ অজুহাতত এন্ধাৰ আৰু গভীৰ জংঘলৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুঁজাই গুলীচালনা কৰে। আৰক্ষীৰ গুলী ভৰিত লগাৰ ফলত গুৰুতৰভাৱে আহত হয় ফৰিজুল।

আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰে আৰু পৰবৰ্তীসময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply