ধুবুৰী : ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে হাতী আৰু মানুহৰ সংঘাত। এইবাৰ ধুবুৰী জিলাত দেখিবলৈ পোৱা গল হাতী আৰু মানুহৰ সংঘাতৰ ভয়াবহ দৃশ্য।

ধুবুৰী জিলাৰ তামাৰহাটত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে এজন লোক। আহত লোকজনৰ নাম কনক ৰয় বুলি জানিব পৰা গৈছে। কনক ৰয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক  :  দিছপুৰ আৰক্ষীৰ গুলীত আহত ডকাইত অমৰ গোৱালা

খদ্যাৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক চাবলৈ মানুহে ভিৰ কৰাত হাতীটো মানুহক খেদি খেদি আক্ৰমণ চলায়। বনৰীয়া হাতীটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় কনক ৰয় নামৰ লোকজন। হাতীটো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply