বকো : বকোৰ বন্দাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন। পথাৰত ধান খাই থকা বনৰীয়া হাতীৰ জাকক খেদিবলৈ যোৱা একাংশ লোকক আক্ৰমণ চলায় বনৰীয়া হাতীৰ জাকটো। বনৰীয়া হাতীৰ আক্ৰমণত আহত হোৱা লোকৰজনৰ নাম সঞ্জয় দাস।

শুকুৰবাৰে কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত হাতী আৰু মানুহৰ সংঘাতৰ পুনৰ এক ভয়াবহ ৰূপ দেখিবলৈ পোৱা যায়। বন্দাপাৰাত পথাৰৰ ধান খাই থকা বনৰীয়া হাতীৰ এটা বৃহৎ জাকক খেদিবলৈ গৈ আহত হয় এজন লোক। গুৰুত্বৰভাৱে আহত সঞ্জয় দাস নামৰ লোকজন একাংশ লোকৰ সৈতে বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ গৈছিল।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পথাৰত পুৱাৰ ভাগত জনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ধান খাই তহিলং কৰিছিল। সেই সময়ত পথাৰত ধান কাটি থকা একাংশ লোকে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা চলাওঁতে হাতীৰ জাকটোৱে ওলোটাই মানুহক আক্ৰমণ চলায়।

লগতে পঢ়ক :  নগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে দাহ কৰিলে সামৰিক বাহিনীৰ বিশেষ আইন চমুকৈ আফস্পা

হাতীৰ জাকটোৰ আক্ৰমণত সঞ্জয় দাস নামৰ লোকজন গুৰুত্বৰভাৱে আহত হৈছে। সঞ্জয় দাসক একাংশ লোকে উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে অঞ্চলটোত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাক বিচৰণ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply