চিলাপথাৰ : চিলাপথাৰত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় এজন লোক। আহত হয় ২৬ জনকৈ লোক। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা জনক।
চিলাপথাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ২৬ জনকৈ লোক। পথৰ ওপৰতে এখন ট্ৰাক বাগৰি পৰাত এজন লোক থিতাতে নিহত হয়।
লগতে পঢ়ক : বনভোজলৈ গৈ সন্ধানহীন হোৱা এন আৰ এলৰ অভিযন্তাৰ মৃতদেহ উদ্ধাৰ
নিহত আৰু আহত সকল শ্ৰমিক। সীমান্ত পথ নিৰ্মাণ সন্থাৰ শ্ৰমিক সকল ডব্লিউ বি-৬৫-চি-২৬৫৪ নম্বৰৰ এখন ট্ৰাকত আহিছিল। শ্ৰমিক সকল পশ্চিম বংগৰ বুলি জানিব পৰা গৈছে। আহত সকলৰ ভিতৰত কেইবাজনো শ্ৰমিকৰ অৱস্থা সংকটজনক।