হোজাই : হোজাই জিলাৰ কাকীত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুর্ঘটনাটোত ১ জন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত দুয়োজনৰে অৱস্থা সংকটজনক।

নিশা প্ৰায় ১১ বজাত ১ নং কাকী চাৰিআলিত সংঘটিত হয় এই পথ দুৰ্ঘটনা। একেখন বাইকতে অহা তিনি বাইক আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে এএছ-৩১-এ-৫১১৯।

কমল দাস নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ বিপৰীতে বিকাশ দাস আৰু অৰ্জুন দাস নামৰ যুৱক দুজন গুৰুত্বৰভাৱে আহত হয়। তিনিওজনৰে ঘৰ ১ নং কাকী গান্ধীপুখুৰীত। আহত দুই যুৱক অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক :  মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে কৰ্মশালা

উল্লেখ্য যে, চৰকাৰে যান-বাহনৰ গতিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ লগতে বাইক আৰোহীৰ ক্ষেত্ৰত হেলমেট পৰিধান বাধ্যতামূলক কৰিছে যদিও বহু লোকে এই সমূহ নীতি-নিয়ম পালন নকৰা পৰিলক্ষিত হৈছে। যান বাহন চলাচলৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দশনা পালন নকৰাৰ বাবেই পথ দুৰ্ঘটনা বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply