ছিপাঝাৰ : পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত নিহত হৈছে এজন দুধর্ষ ডকাইত। আৰক্ষীয়ে এনকাউণ্টাৰ কৰা দুধর্ষ ডকাইতজনৰ নাম তাইজুদ্দিন আহমেদ।
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ দৰং জিলাৰ ছিপাঝাৰৰ সানোৱাতাৰীত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা।
এনকাউণ্টাৰত তাইজুদ্দিন আহমেদ নামৰ এজন দুধর্ষ ডকাইত নিহত হৈছে। ডকাইত তাইজুদ্দিন আহমেদৰ ঘৰত ধন থকাৰ এক খবৰ লাভ কৰি আৰক্ষীয়ে তাইজুদ্দিন আহমেদক লগত লৈ তালাচী চলাবলৈ গৈছিল। আৰক্ষীৰ অভিযানকালত তাইজুদ্দিন আহমেদ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায়।
আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে তাইজুদ্দিন আহমেদক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱাত তাইজুদ্দিন আহমেদক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ডকাইত তাইজুদ্দিন আহমেদৰ মৃত্যু ঘটে।
দুধর্ষ ডকাইত তাইজু্দ্দিন আহমেদ দৰং জিলাৰ ছিপাঝাৰৰ সানোৱাতাৰীৰ বাসিন্দা। মহানগৰী গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ডকাইতিকাণ্ডৰ মূল অভিযুক্ত আছিল তাইজু্দ্দিন আহমেদ। পল্টন বজাৰ আৰক্ষীয়ে তাইজু্দ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিছিল।